This browser does not support the video element.
বালিজানা: গোৱালপাৰা আদালতে এক ঐতিহাসিক ৰায়দানযোগে নাবালিকা ধৰ্ষণকাৰীক ২০ বছৰৰ সশ্ৰম কাৰাদণ্ড বিহে
Balijana, Goalpara | Sep 11, 2025
গোৱালপাৰা আদালতে এক ঐতিহাসিক ৰায়দানযোগে নাবালিকা ধৰ্ষণকাৰীক ২০ বছৰৰ সশ্ৰম কাৰাদণ্ড বিহে। ২০২২ চনৰ ৮ নৱেম্বৰৰ দিনৰ ১১•৩০ বজাত ঘৰৰ ওচৰৰে ৰাস্তাৰে গৈ থকা অৱস্থাত মৰনৈ আৰক্ষী থানাৰ অন্তৰ্গত এলেকাৰ ছাহজাহান আলী নামৰ বৃদ্ধ গৰাকীয়ে ৯ বছৰীয়া নাবালিকা এগৰাকীক ফুচলাই ওচৰতে থকা জংগলত নি জোৰপূৰ্বক ধৰ্ষণ কৰে। এই সন্দৰ্ভত পিছদিনা শিশু গৰাকীৰ পিতৃয়ে মৰনৈ আৰক্ষী থানাত এখনি এজাহাৰ দাখিল কৰে।