This browser does not support the video element.
মৰিগাঁও: মৰিগাঁও আৰক্ষী বিশেষ বাহিনীৰ ড্ৰাগছ বিৰোধী অভিযান, নিশাৰ অভিযানত নাৰমাৰিৰ পৰা ড্ৰাগছ সহ ধৃত এটা সৰ্বৰাহকাৰী
Marigaon, Morigaon | Sep 9, 2025
লাহৰীঘাট আৰক্ষীৰ সহযোগত নিশা অভিযান চলাই নাৰমাৰিৰ পৰা ড্ৰাগছ সহ এটা সৰ্বৰাহকাৰী কৰায়ত্ত কৰিবলৈ সক্ষম হয়। আৰক্ষীয়ে কৰায়ত্ত কৰা ড্ৰাগছ সৰ্বৰাহকাৰীটো হৈছে আজাহাৰুল ইছলাম। আজাহাৰুল পৰা আৰক্ষীয়ে এটা চাবোনৰ বাকচত ১৫. ৪৫ গ্ৰাম ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হয়। আৰক্ষীয়ে জব্দ কৰা ড্ৰাগছ খিনি হেৰইন বুলি জানিব পৰা গৈছে। আজাহাৰুলে মাজ নিশা এখন মটৰ চাইকেলত ড্ৰাগছ খিনি সৰ্বৰাহ কৰাৰ অৱস্থাতে গোপন খবৰৰ ভিত্তিত পূৰ্বৰে পৰা খাপ পিতি থকা আৰক্ষীয়ে হাতে লোতে কৰায়ত্ত কৰিবলৈ সক্ষম হয়