This browser does not support the video element.
চেঙা: বহৰি সত্ৰত হৰিদেৱৰ ৬০০ বছৰীয়া জন্মজয়ন্তী দিনজোৰা কাৰ্যসূচীৰে পালন, বহৰি চহৰত ভাগৱত শোভাযাত্ৰা
Chenga, Barpeta | Aug 28, 2025
বৈষ্ণৱ ধৰ্ম প্ৰচাৰক মহাপুৰুষ শ্ৰীশ্ৰী হৰিদেৱৰ আজি ৬০০ বছৰীয়া জন্মজয়ন্তী। সমগ্ৰ অসমৰ হৰিদেৱ গুৰুজনাৰ অনুগামী সত্ৰ, নামঘৰ সমুহৰ লগতে বিভিন্ন স্থানত হৰিদেৱৰ জন্মজয়ন্তী পালন কৰা হৈছে। বৈষ্ণৱ গুৰুজনাই স্থাপন কৰা বৰপেটাৰ বহৰি সত্ৰত হৰিদেৱৰ জন্মজয়ন্তী দিনজেৰা কাৰ্যসূচীৰে পালন কৰা হৈছে। গুৰুজনাৰ জন্মজয়ন্তী উপলক্ষে বহৰি সত্ৰত নাম প্ৰসংগত লগতে ভাগৱত ভ্ৰমণ অনুষ্ঠিত হয়। সত্ৰৰ মজুমদাৰ মহাদেৱ দাসে ভাগৱত বহন কৰা ভাগৱত শোভাযাত্ৰাৰ সমগ্ৰ বহৰি চহৰ পৰিভ্ৰমণ কৰে।