This browser does not support the video element.
বৰপেটা: বৰপেটা কেঞ্চাৰ চেণ্টাৰত "এইচ পি ভি" নামৰ কেঞ্চাৰ প্ৰতিষেধক প্ৰদান আৰম্ভ কৰা হয়
Barpeta, Barpeta | Sep 13, 2025
কৰ্কট ৰোগ প্ৰতিৰোধৰ বাবে শনিবাৰৰ পৰা বৰপেটা কেঞ্চাৰ চেণ্টাৰত "এইচ পি ভি" নামৰ প্ৰতিষেধক প্ৰদান আৰম্ভ কৰা হয়। প্ৰতিষেধক প্ৰদান কাৰ্যসূচী আৰম্ভ কৰি কেন্দ্ৰটোৰ চিকিৎসা সঞ্চালক ডাঃ অপূৰ্ব কলিতাই সদৰী কৰে যে এই প্ৰতিষেধক বিধৰ দ্বাৰা মহিলাৰ জৰায়ুৰ কৰ্কট ৰোগ বিশেষভাবে প্ৰতিৰোধ কৰিব পৰা যাব। তদুপৰি পুৰুষকো এই প্ৰতিষেধক প্ৰদান কৰা হব। কাৰণ এই প্ৰতিষেধকৰ জৰিয়তে মুখ গহ্বৰকে ধৰি আন কেবাবিধো কৰ্কট ৰোগ প্ৰতিৰোধ কৰি পাৰি ।