This browser does not support the video element.
তিনিচুকীয়া: মাকুমৰ টিংৰাই গাঁওত গণেশ চতুৰ্থীৰ ৰূপালী বৰ্ষ উদযাপন উপলক্ষে সহস্ৰাধিক ভক্তৰ সমাবেশ
Tinsukia, Tinsukia | Aug 28, 2025
মাকুমৰ টিংৰাই গাঁওত গণেশ চতুৰ্থীৰ ৰূপালী বৰ্ষ উদযাপন উপলক্ষে সহস্ৰাধিক ভক্তৰ সমাবেশ টিংৰাই গাঁও আৰু টিংৰাই বঙালী গাঁওৰ গনেশ পূজা সমিতিয়ে এই বছৰৰ গনেশ চতুৰ্থীক ৰূপালী বৰ্ষ হিচাপে দুদিনীয়া কাৰ্যসূচীৰে অতি উলহ মালহেৰে পূজাভাগ আয়োজন কৰে । প্ৰথম দিনা বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত কৰাৰ লগতে আজি বৃহস্পতিবাৰে দ্বিতীয় দিনা পুৱাৰ পৰা নিশা ৯ বজা পৰ্যন্ত সহস্ৰাধিক ভক্তৰ সমাবেশ হোৱা পৰিলক্ষিত হয় । পূজাৰ সৈতে সংগতি ৰাখি আয়োজিত বিভিন্ন প্ৰতিযোগিতাত স্থানীয় প্ৰতিযোগিয়ে অংশগ্ৰহণ কৰে ।