This browser does not support the video element.
নগাঁও: বটদ্ৰৱাৰ হাইডুবিত পুখুৰীত মাছ ধৰিবলৈ গৈ সলিল সমাধি ঘটে এজন ব্যক্তি,ৰাইজে উদ্ধাৰ কৰে মৃতদেহ,উপস্থিত আৰক্ষী
Nagaon, Nagaon | Aug 30, 2025
বটদ্ৰৱাৰ হাইডুবিত পুখুৰীত মাছ ধৰিবলৈ গৈ শনিবাৰে বিয়লি প্ৰায় পাঁচ মান বজাত সলিল সমাধি ঘটে এজন ব্যক্তি।মৃত্যু হোৱা ব্যক্তিজন বটদ্ৰৱা হাইডুবি গাঁৱৰ ছফিকুল ইছলাম।লগৰীয়াৰ লগত পুখুৰীত মাছ ধৰিবলৈ গৈ পানীত ডুবগৈ মৃত্যু হয় ব্যক্তি গৰাকীৰ । স্থানীয় ৰাইজৰ তৎপৰতাত উদ্ধাৰ কৰে মৃতদেহটো। ঘটনাস্থলিত বটদ্ৰৱা আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁৱলৈ প্ৰেৰণ কৰে । ইফালে ব্যক্তি গৰাকীৰ মৃত্যুত অঞ্চলযুৰি শোকৰ ছাঁ পৰিছে ।