This browser does not support the video element.
মৰিগাঁও: মৰিগাঁও সদৰ সমষ্টিৰ অন্তৰ্গত চাৰিটাকৈ স্থানৰ আধ্যাত্মিক অনুষ্ঠানত অংশগ্ৰহন কৰে বিধায়ক ৰমাকান্ত দেউৰীয়ে
Marigaon, Morigaon | Sep 7, 2025
আজি মৰিগাঁও সমষ্টিৰ অন্তৰ্গত কেইবাটাও স্থানত বহুকেইটা আধ্যাত্মিক অনুষ্ঠানত অংশগ্ৰহণ কৰে বিধায়ক ৰমাকান্ত দেউৰীয়ে। প্ৰথমে বৰচিলা গাঁও পঞ্চায়তৰ অন্তৰ্গত পূব গা-সজোৱা নামঘৰৰ প্ৰতিষ্ঠা অনুষ্ঠানত, দ্বিতীয়তে দক্ষিণ জাজৰী পাঘালীত অনুস্থিত সদৌ অসম ভিত্তিত দিহানাম প্ৰতিযোগিতাত, তৃতীয়তে কপাহেৰা সোণাৰুগুৰি নামঘৰত অনুষ্ঠিত মৰিগাঁও জিলা সূত সন্মিলনতো উপস্থিত থাকে। শেষত ভেদৌআতি গৰমাৰী নামঘৰৰ মণিকূট প্ৰতিষ্ঠা অনুষ্ঠানত অংশগ্ৰহণ কৰি ভকতৰ আশীৰ্বাদ গ্ৰহণ কৰে বিধায়ক জনে।