This browser does not support the video element.
কলগাছিয়া: কলগাছিয়াত অসম পুলিচত নিযুক্তি লাভ কৰা ৭ গৰাকী যুৱক যুৱতীক সম্বৰ্ধনা, বিধায়ক ড° হাফিজ ৰফিকুল ইছলাম উপস্থিত
Kalgachia, Barpeta | Oct 12, 2025
সদ্য ঘোষিত অসম পুলিচ পদৰ তালিকাত কলগাছিয়া ডিফেঞ্চ ৱাল্ড ফিজিকেল কোচিং চেন্টাৰ মুঠ ৭ গৰাকী নিবনুৱা যুৱক, যুৱতীয়ে নিযুক্তি লাভ কৰিবলৈ সক্ষম হ'ল। ৰবিবাৰে কলগাছিয়া ডিফেঞ্চ ৱাল্ড ফিজিকেল কোচিং চেন্টাৰৰ নিযুক্তি লাভ কৰা সকলক সম্বৰ্ধনা জনোৱা হয় । উক্ত অনুষ্ঠানত জনীয়া সমষ্টিৰ বিধায়ক ড° হাফিজ ৰফিকুল ইছলাম উপস্থিত থাকি অসম পুলিচত নিযুক্তি লাভ কৰা ছাত্ৰ ছাত্ৰীক অভিনন্দন জনায়। বিধায়ক গৰাকীয়ে নিযুক্তি প্ৰক্ৰিয়াটো নিকা আৰু স্বচ্ছ ভাৱে সম্পন্ন কৰাত ধন্যবাদ জ্ঞাপন কৰে ৷