শুকুৰবাৰে দিনৰ প্ৰায় ২ বজাত বকলীয়াঘাট তেতেলিগুৰি শক্তি কেন্দ্ৰত লাংফেৰ মণ্ডল বিজেপিৰ উদ্যোগত বিজেপিৰ এখন ৰাজহুৱা সভা অনুষ্ঠিত হয় ৷ উক্ত সভাত বিজেৰি দলৰ আন্তঃগাথনি, সাংগঠনিক স্থিতি শক্তিশালী কৰাৰ ওপৰত আলোচনা কৰাৰ লগতে চৰকাৰী আঁচনি সমূহ হিতাধিকাৰীৰ মাজত পাইছে নে নাই তাৰ ওপৰত আলোচনা কৰা হয় ৷ সভাত বিধায়ক বিদ্যাছিং ইংলেঙ আৰু কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ ইএম তথা স্থানীয় এমএতি মধুৰাম লেকথে উপস্থিত থাকে ৷