This browser does not support the video element.
বৰপেটা: মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱ গুৰুজনাৰ তিৰোভাৱ তিথি উপলক্ষে সুন্দৰীদিয়া সত্ৰত উপস্থিত হয় মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে
Barpeta, Barpeta | Sep 12, 2025
অসম চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱ গুৰুজনাৰ তিৰোভাৱ তিথি উপলক্ষে গুৰুজনাই স্থাপন কৰা সুন্দৰীদিয়া সত্ৰত উপস্থিত হয়। তেওঁ মাধৱদেৱ গুৰুজনাই স্থাপন কৰা সুন্দৰীদিয়া সত্ৰত উপস্থিত হৈ গুৰুজনাৰ প্ৰতি সেৱা জনায়। মন্ত্ৰী ৰনজিৎ কুমাৰ দাসে গুৰু দুজনাৰ আবিৰ্ভাৱ আৰু তিৰোভাৱ তিথিত প্ৰতিজন অসমীয়াক সত্ৰ-নামঘৰলৈ আহিবলৈ আহ্বান জনায়। কোনো কাৰণত আহিব নোৱাৰে তেন্তে ঘৰতেই পৰিয়ালৰ সকলোকে মিলি গুৰুজনাৰ জীৱন চৰ্চা কৰিবলৈ আহবান জনায়