This browser does not support the video element.
নগাঁও: কলিয়াবৰত বিদ্যুবিভাগৰ অক্যৰ্মণ্যতাৰ বাবে সংঘটিত দুৰ্ঘটনা,বৰালিগাঁওত বিদ্যুৎ পৰিবাহী তাঁৰ লাগি ভষ্মীভূত হয় এখন স্কুটী
Nagaon, Nagaon | Aug 28, 2025
কলিয়াবৰত বিদ্যুবিভাগৰ অক্যৰ্মণ্যতাৰ বাবে সংঘটিত দুৰ্ঘটনা। বৃহস্পতিবাৰে দিনৰ ভাগত কলিয়াবৰৰ বৰালিগাঁওত বিদ্যুৎ পৰিবাহী তাঁৰত লাগি ভষ্মীভূত হয় এখন স্কুটী। বিজয় শংকৰ গোস্বামীয়ে AS12S5538 নম্বৰৰ স্কুটীখনৰে গৈ থকা অৱস্থাতে পথৰ ওপৰত পৰি ৰোৱা বিদ্যুৎ পৰিবাহী তাঁৰ স্কুটীৰ গৰাকীয়ে নেদেখাত স্কুটিখন পাৰ কৰোতেই সংঘটিত হয় দুৰ্ঘটনাটো। স্কুটী আৰোহীয়ে স্কুটী এৰি জাপ মাৰি দিয়াত সৌভাগ্যক্ৰমে ৰক্ষা পৰে যদিও স্কুটী খন জ্বলি ভস্মীভূত হয় ।