শুক্ৰবাৰে বঙাইগাঁও জিলাৰ যোগীঘোপা লুইতপৰীয়া ক্লাবৰ সন্মুখত ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত মৰেল পুলিচিঙৰ ঘটনা সংঘটিত হয় । হাত বান্ধি অতি নিৰ্মমভাবে প্ৰহাৰ মনচেৰ আলী নামৰ যুৱকক । জানিব পৰা মতে এখন গাড়ীৰ গেৰেজত চুৰিৰ অভিযোগত এই ঘটনা সংঘটিত হয়। অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক শ্বেখ আব্দুল হামিদে উক্ত ঘটনা প্ৰত্যক্ষ কৰি লগে লগে যোগীঘোপা আৰক্ষীক খবৰ দিয়ে, আৰক্ষীয়ে ঘটনা স্থলীত উপস্থিত হৈ যুৱক জনক উদ্ধাৰ কৰে।