This browser does not support the video element.
বৰপেটা: মুছলিম পট্টীত খাদেমূল ইছলাম সমাজৰ দ্বাৰা আয়োজিত ঈদ উল আজহাৰ নামাজ সম্পন্ন
Barpeta, Barpeta | Jun 7, 2025
বৰপেটা চহৰত ঈছলামধৰ্মী লোকসকলৰ উৎসৱ ঈদ উল আজহা উলহ মালহেৰে উদযাপন কৰা হৈছে। শনিবাৰে অনুষ্ঠিত ঈদ উল আজহাৰ নামাজৰ জৰিয়তে ত্যাগ আৰু একতাৰ বাৰ্তা সমাজলৈ প্ৰেৰণ কৰা হয়। বৰপেটাৰ মুছলিম পট্টীৰ খাদেমূল ইছলাম সমাজৰ দ্বাৰা আয়োজিত ঈদৰ সমূহীয়া নামাজত ইমামতি কৰে মৌলানা মঞ্জুৰ আহমেদ ৰহিমীয়ে। ইয়াত কেবা শতাধিক লোকে অংশগ্ৰহণ কৰে। নামাজৰ পাছত ইমাম মঞ্জুৰ আহমেদ ৰহিমীয়ে কয় যে ঈদ উল আজহাই মানুহক মনৰ পৰা ত্যাগ কৰা, ভাল চিন্তা কৰা আৰু মিলাপ্ৰীতিৰে একেলগে থকাৰ শিক্ষা দিয়ে ৷