This browser does not support the video element.
বাঘবৰ: কলগাছিয়াৰ দাবনদিয়া গাঁৱত পথ দুৰ্ঘটনা, দুৰ্ঘটনাটোত এজন লোক গুৰুতৰভাবে আহত
Baghbor, Barpeta | Aug 28, 2025
কলগাছিয়াৰ দাবনদিয়া গাঁৱত সংঘটিত হয় এক পথ দুৰ্ঘটনা। জানিব পৰা মতে তাপেশ্বৰাৰ পৰা দাবনদিয়া অভিমুখে ML 13A 6760 নম্বৰৰ এখন JCB গৈ থকা অৱস্থাত বিপৰীত দিশৰ পৰা অহা AS 15U 6135 নম্বৰৰ বাইক এখনৰ মুখামুখি সংঘৰ্ষত বাইকত থকা তিনিজন আৰোহীৰ এজনৰ JCB ৰ চকাৰ তলত পৰি গুৰুতৰ ভাৱে আহত হয়। পিছত আহত ব্যক্তি জনক ততাতয়াকৈ কলগাছিয়াস্থিত বৰপেটা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰায় যদিও অৱস্থা অধিক সংকটজনক হোৱাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত প্ৰেৰণ কৰে।