শনিবাৰে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি মাৰ্ঘেৰিটা আঞ্চলিক সমিতিৰ এখন গুৰুত্বপূৰ্ণ কাৰ্যনিৰ্বাহক বৈঠকৰ লগতে যোগদানৰ কাৰ্যসূচী অনুষ্ঠিত হয়। মাৰ্ঘেৰিটা খণ্ড উন্নয়ন কাৰ্যলয় সভাকক্ষত অনুষ্ঠিত হোৱা সভাত উপস্থিত থাকে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি কেন্দ্ৰীয় সমিতি সভাপতি পাপু দত্তসহ জিলা সমিতিৰ কেইবাগৰাকীও বিষয়ববীয়া। বিয়লি প্রায় ৩ বজা পর্যন্ত অনুষ্ঠিত উক্ত অনুষ্ঠানতে মাৰ্ঘেৰিটা বিভিন্ন বিদ্যালয় - মহাবিদ্যালয়ৰ প্ৰায় শতাধিক ছাত্ৰ ছাত্ৰীয়ে যোগদান কৰে ।