This browser does not support the video element.
বৰপেটা: ডিআৰডিএৰ প্ৰেক্ষাগৃহত দুৰ্গা পূজা উদযাপন সমিতি সমূহৰ লগত অনুষ্ঠিত সভাত মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ অংশ গ্ৰহণ
Barpeta, Barpeta | Sep 10, 2025
বৰপেটা জিলাৰ দুৰ্গা পূজা উৎসৱ উদযাপন সমিতি সমূহৰ লগত বুধবাৰে জিলা আয়ুক্ত ৰোহন কুমাৰ ঝা আৰু আৰক্ষী বিষয়াসকলৰ উপস্থিতিত ডিআৰডিএৰ প্ৰেক্ষাগৃহত এখন সভাত অনুষ্ঠিত হয় ৷ উক্ত সভাত অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে অংশ গ্ৰহণ কৰে ৷ সভাত অংশ গ্ৰহণ কৰি মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে দুৰ্গা পূজাৰ সময়ত সমিতিসমূহক আইন-শৃংখলা মানি চলাৰ লগতে সনাতনী সংস্কৃতিক প্ৰাধান্য দি বিশেষকৈ পূজাৰ কেইদিন মণ্ডপসমূহত আধ্যাত্মিক গীত-মাত আদিহে পৰিৱেশন কৰিবলৈ আহ্বান জনায় ।