This browser does not support the video element.
বাঘবৰ: ঘিলাঝাৰী ৰূপসী উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া জুৰি কলিতাই খৰিচালা বজাৰ পৰিদৰ্শন কৰি বিভিন্ন সমস্যাৰ বুজ লয়
Baghbor, Barpeta | Aug 28, 2025
ঘিলাঝাৰী ৰূপসী উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া জুৰি কলিতা বৃহস্পতিবাৰে পৰিদৰ্শন কৰে খৰিচালা বজাৰ। উল্লেখ্য যে দীৰ্ঘদিন ধৰি খৰিচালা বজাৰ বিভিন্ন সমস্যাৰে জৰ্জৰিত হৈ আছে । এজাক বৰষুণ পৰিলেই বজাৰ খনত একঠু পৰ্যন্ত পানী হৈ পৰে। লগতে ৰাষ্টা ঘাটৰ বিভিন্ন অভাৱত স্কুল কলেজৰ ছাত্ৰ ছাত্ৰীৰ লগতে সাধাৰণ ৰাইজৰ বিশেষ অসুবিধাৰ সৃষ্টি হয়। ফলত বোকা গচকি যাতায়ত কৰিব লগীয়া হয় ৰাইজে। সেয়ে ৰাইজৰ অনুৰোধ মৰ্মে খৰিচালা বজাৰত উপস্থিত হৈ বিভিন্ন পৰিস্থিতিৰ বুজ লয় ৷