This browser does not support the video element.
তিনিচুকীয়া: হিয়াৰ আমঠু জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বিচাৰি সদৰত আছুৰ মমশিখা সমদল বাহিৰ
Tinsukia, Tinsukia | Sep 26, 2025
কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে অসমবাসীৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বিচাৰি শুকুৰবাৰে সন্ধ্যা প্ৰায় ৭ বজাত তিনিচুকীয়াত আছুৰ মমশিখা সমদল বাহিৰ । তিনিচুকীয়া আছুৰ কায্যালয়ৰ পৰা থানা চাৰিআলিলৈকে বাহিৰ কৰে সমদলটো। জুবিন গাৰ্গৰ মৃত্যুৰ স’তে নাম সাঙোৰ খোৱা শ্যামকানু মহন্তৰ লগতে প্ৰতিগৰাকী অভিযুক্তক চোচৰাই আনিবলৈ আছুয়ে দাবী জনাই ৷