This browser does not support the video element.
নগাঁও: জুৰীয়াৰ শিঙ্গিয়া গাঁৱৰ যুৱকৰ তামিলনাডুত বিদ্যুৎপৃষ্ট হৈ মৃত্যু
Nagaon, Nagaon | Sep 11, 2025
তামিলনাডুৰ এটি ব্যক্তিগত প্ৰতিষ্ঠানৰ ঠিকাদাৰৰ অধীনত ৰঙ মিস্ত্ৰীৰ কামত নিয়োজিত হৈ আছিল যুৱকজন*l দুদিন পূৰ্বে কাম কৰাৰ সময়তে উচ্চ ক্ষমতাসম্পন্ন বিদ্যুতৰ তাঁৰত লাগি গুৰুতৰ ভাবে আহত হৈ সংকটজনক অৱস্হাত তামিলনাডুৰ চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল যুৱকজন যোৱা নিশা সাত বজাত চিকিৎসাধীন অৱস্থাত অকাল মৃত্যুক সাৱটি লয় যুৱকজনে নিহত যুৱকজন শিঙ্গীয়া গাঁৱৰ আব্দুৰ ৰশিদৰ পুত্ৰ আকিবুৰ ৰহমান সম্প্ৰতি আকিবুৰৰ মৃতদেহ তামিলনাডুৰ চিকিৎসালয়ৰ মৰ্গত ৰখা হৈছে