Download Now Banner

This browser does not support the video element.

বৰপেটা: হাউলীৰ কুমল্লীপাৰা গাঁৱত পিতৃয়ে বিষ খুৱাই হত্যা কৰিলে শিশু সন্তানক, মৰণোত্তৰ পৰীক্ষা সম্পন্ন

Barpeta, Barpeta | Sep 4, 2025
বৰপেটাৰ হাউলীৰ কুমল্লীপাৰা গাঁৱত পিতৃয়ে বিষ খুৱাই হত্যা কৰিলে শিশু সন্তানক। পুত্ৰ হন্তা পিতৃৰ নাম সঞ্জীবুল আলী । পিতৃ সঞ্জীবুল আলীয়ে যোৱা নিশা বিহ খুৱাই হত্যা কৰে ৮ বছৰীয়া পুত্ৰক। ইতিমধ্যে এই ঘটনা সম্পৰ্কে নিহত শিশুটিৰ মাতৃয়ে হাউলী থানাত এজাহাৰ দাখিল কৰিছে যদিও পুত্ৰ হন্তা পিতৃৰ লগতে পৰিয়ালৰ আন লোক সকল পলাতক হৈ আছে। বৃহস্পতিবাৰে শিশুটিৰ বৰপেটা মেডিকেল কলেজত মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰাৰ পিচতে শিশুটিৰ মৃতদেহ নিজ গৃহলৈ লৈ যোৱা হৈছে।
Read More News
T & CPrivacy PolicyContact Us