This browser does not support the video element.
বাঘবৰ: কলগাছিয়াৰ এখন গাঁৱত প্ৰেমজনিত কাৰণত যুৱতীৰ আত্মহত্যা, থানাত এজাহাৰ দাখিল পৰিয়ালৰ
Baghbor, Barpeta | Sep 1, 2025
কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত এখন গাঁৱৰ এগৰাকী যুৱতীয়ে ক্ষুদ্ৰকুছি গাঁৱৰ এজন যুৱকৰ লগত প্ৰায় এবছৰ ধৰি প্ৰেমৰ সম্পৰ্ক আছিল। প্ৰেমিকে যুৱতী গৰাকীক বিয়া পাতিব বুলি প্ৰতিশ্ৰুতি দিছিল। কিছুদিন পূৰ্বে প্ৰেমিক জনে প্ৰেমিকা জনীক পলুৱাই লৈ গৈছিল। পিছত দুয়ো পৰিয়ালৰ লোকে আলোচনা কৰি বিয়া পাতি দিব বুলি প্ৰতিশ্ৰুতি দি পিতৃ গৃহলৈ পঠিয়াই দিছিল যদিও অৱশেষত প্ৰেমিকে প্ৰতাৰণা কৰাৰ অভিযোগ উত্থাপন হৈছে। সোমবাৰে পুৱাৰ ভাগত প্ৰেমিকৰ প্ৰতাৰণাৰ বলি হৈ ডিঙিত চিপ লৈ আত্মহত্যা কৰে ৷