ব্যাপক উৎসৱমুখৰ পৰিবেশৰ মাজেৰে মৰাণৰ ডোমৰদলঙৰ বীৰাঙ্গনা সতী সাধনী ক্ষেত্ৰত অনুষ্ঠিত হৈছে সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ বিংশতিতম কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস ৷ দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত প্ৰতিষ্ঠা দিৱসৰ আজি দ্বিতীয় দিনা বিশাল সাংস্কৃতিক শোভাযাত্ৰাৰে দৃষ্টি আকৰ্ষণ কৰে সকলোৰে ৷ মৰাণৰ ৰাজপথত উলিওৱা এই শোভযাত্ৰাত কেইবাহাজাৰ লোকে অংশগ্ৰহন কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয় ৷