This browser does not support the video element.
বাক্সা: তামুলপুৰত সদৌ অসম গোর্খা ছাত্ৰ সন্থাৰ সংবাদ মেল অনুষ্ঠিত
Baska, Baksa | Aug 25, 2025
তামুলপুৰ আজি সদৌ অসম গোর্খা ছাত্ৰ সন্থাৰ সংবাদ মেল অনুষ্ঠিত হয়। সংবাদমেলত সদৌ অসম গোর্খা ছাত্ৰ সন্থাৰ সভাপতি সুনীল ছেত্ৰীয়ে উপস্হিত থাকি জমিয়েত উলেমা হিন্দৰ মেহমুদ মাদানীয়ে মুখ্যমন্ত্ৰী গৰাকীক লৈ কৰা মন্তব্যক তীব্ৰ গৰিহনা দিয়ে। কোনো বহিৰাগতই মুখ্য মন্ত্ৰীক আঙুলি টোৱাৰ অধিকাৰ নাই। গোৰ্খা সকলক চেটেলাইট স্বায়ত্ব শাসনৰ প্ৰদানৰ দাবী জনায় । গোৰ্খা সকলক ভূমিৰ অধিকাৰ দিয়াৰ লগত সংৰক্ষিত জাতি হিচাপে ঘোষণা কৰি স্বাভীমানেেৰে জীয়াই থকাৰ ব্যৱস্থা কৰিবলৈ সংবাদমেলত দাবী জনায়।