This browser does not support the video element.
বৰমা ভাগ: হাউলীৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত দুৰ্ঘটনা, থিতাতে নিহত এজন যুৱক
India | Sep 13, 2025
হাউলীৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত দুৰ্ঘটনা ৷ তীব্ৰবেগী বাছৰ খুন্দাত মটৰ চাইকেল আৰোহী এজন যুৱক থিতাতে নিহত। আনহাতে দূৰ্ঘটনাটোত আন এজন যুৱক গুৰুতৰভাৱে আহত হয় । নিহত যুৱক জনৰ নাম অভিজিৎ নাথ। নিহত অভিজিৎ নাথৰ ঘৰ হাউলী গাঁৱত । আনহাতে আহত যুৱক জনৰ নাম কণমানি দাস। হাউলী খাটালপাৰাৰ সমীপৰ মাজৰগাঁওত ঘৰ কণমানি দাসৰ। দুৰ্ঘটনা সংঘটিত কৰিয়েই বাছখনে পলায়ন কৰে ।ঘটনাস্থলীত হাউলী আৰক্ষী উপস্থিত হৈ ঘটনাটোৰ তদন্ত আৰম্ভ কৰাৰ লগতে বাছখনে সন্ধান অব্যাহত ৰাখিছে ।