This browser does not support the video element.
বালিজানা: আৰক্ষীয়ে আটক কৰা বিতৰ্কিত ইউটিউবাৰ মহিলাই পুনৰ ক্ষমা খোজাৰ পিছত এৰি দিয়ে
Balijana, Goalpara | Aug 27, 2025
আৰক্ষীয়ে আটক কৰা বিতৰ্কিত ইউটিউবাৰ মহিলাক এৰি দিয়ে।গোৱালপাৰা চহৰৰ বাপুজীনগৰৰ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ সন্মুখত যোৱা ২৫ আগষ্টৰ নিশা বৰষা বৰা নামৰ এগৰাকী মহিলাই সামান্য কথাতে যুৱক এজনক উপৰ্যুপৰি প্ৰহাৰ কৰা ঘটনা সন্দৰ্ভত মহিলাগৰাকীক আজি সোধপোছৰ বাবে আৰক্ষীয়ে আটক কৰে। মহিলাগৰাকীৰ বিৰুদ্ধে ভুক্তভোগী যুৱকজনে আৰক্ষী থানাত কোনো গোচৰ দিয়া নাই যদিও সমগ্ৰ ভিডিঅ আৰক্ষীয়ে প্ৰত্যক্ষ কৰি মহিলাগৰাকীক আজি গোৱালপাৰা নগৰ আৰক্ষীয়ে পুৱাই সোধপোছৰ বাবে থানালৈ লৈ যায়।