This browser does not support the video element.
মৰিগাঁও: গোপালঘাটত বিধায়ক ৰমাকান্ত দেউৰীয়ে অনুষ্ঠিত কৰা মুখ্যমন্ত্ৰী মহিলা উদ্যমীতা আঁচনিৰ সভাত পাঁচ হাজাৰ মহিলাৰ অংশগ্ৰহণ
Marigaon, Morigaon | Sep 12, 2025
আজি মৰিগাঁও বিধানসভা সমষ্টিৰ অন্তৰ্গত গোপালঘাটত কঁপিলী দলংঘাট মণ্ডলৰ উদ্যোগত আৰু বিধায়ক ৰমাকান্ত দেউৰীৰ নেতৃত্বত মুখ্যমন্ত্ৰী উধ্যমিতা আঁচনিৰ সন্দৰ্ভত এখনি সভা অনুষ্ঠিত কৰা হয়। মুখ্যমন্ত্ৰী মহিলা উদ্যমীতা আঁচনিৰ সন্দৰ্ভত মহিলা সকলক সজাগ কৰিবলৈ অনুষ্ঠিত কৰা সভাখনত প্ৰতিকূল বতৰ নেউচি প্ৰায় পাঁচ হেজাৰ মহিলাই অংশগ্ৰহণ কৰে। আজিৰ এই সভাখনত বিধায়ক ৰমাকান্ত দেউৰীৰ লগতে জিলা বিজেপিৰ সাধাৰণ সম্পাদক নিৰ্মল কোঁৱৰ, সম্পাদক জিতু বৰা, পৌৰপতি যোগেশ তামুলী উপস্থিত থাকে।