This browser does not support the video element.
বৰপেটা: পালহাজীত গৌৰৱ গগৈ ফেনচ্ ক্লাবৰ অষ্টম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস পালন, অসম প্ৰদেশ কংগ্ৰেছৰ সম্পাদক আজাদ হুছেইনৰ অংশ গ্ৰহণ
Barpeta, Barpeta | Aug 25, 2025
গৌৰৱ গগৈ ফেনচ্ ক্লাৱ অসমৰ অষ্টম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস বৰপেটাৰ পালহাজীত বিশেষ কাৰ্যসূচীৰে পালন কৰা হয়। গৌৰৱ গগৈ ফেনচ্ ক্লাৱ, বৰপেটা জিলা শাখাৰ ফালৰ পৰা অনুষ্ঠিত কৰা এই কাৰ্যসূচীত অসমৰ যুৱ প্ৰজন্মক ড্ৰাগছ আসক্তিৰ পৰা বিৰত ৰাখিবলৈ 'গেট ফিট আছাম' শীৰ্ষক মাৰাথন দৌৰৰ লগতে এক সজাগতা সভাও অনুষ্ঠিত কৰা হয়।এই কাৰ্যসূচীত অসম প্ৰদেশ কংগ্ৰেছৰ সম্পাদক আজাদ হুছেইনৰ লগতে পালহাজী অঞ্চলৰ বিভিন্ন শিক্ষানুষ্ঠানৰ ছাত্ৰ-ছাত্ৰী সকল আৰু স্থানীয় জেষ্ঠ্য নাগৰিক সকলেও অংশগ্ৰহণ কৰে ৷