বৃহস্পতিবাৰে কলগাছিয়াৰ কৰাৰকুৰত বেকী নদীৰ পকী দলংৰ মাজ অংশ এক ফুট মান তললৈ বহি যায় ৷ দলংখনৰ এক ফুট মান বহি যোতাত ততাতৈয়াকৈ বৰপেটা জিলা প্ৰশাসন লোক উপস্থিত হৈ দলংখনেৰে গধূৰ যানবাহন চলাচল বন্ধ কৰি দিয়ে ৷ শুক্ৰবাৰে গুৱাহাটীৰ পৰা বিভাগীয়লোক আহি কৰাৰকুৰ বেঁকী দলং পৰিদৰ্শন কৰে । কিয় বহি গৈছে বেঁকী নৈৰ ওপৰত থকা দলংৰ খুটি সেই বিষয়ে পৰ্যবেশন কৰে ৷ লগতে দলংখন মেৰামতি কৰাৰ বাবে কি ব্যৱস্থা গ্ৰহণ কৰিব সেই সম্পৰ্কে আলোচনা কৰে ৷