This browser does not support the video element.
বৰপেটা: চৰকাৰে বৃটিছ মিউজিয়ামৰ পৰা বৃন্দাবনী বস্ত্ৰ অসমত প্ৰদৰ্শনৰ সিদ্ধান্তক বৰপেটাত ধন্যবাদ জনাই বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়াই
Barpeta, Barpeta | Aug 30, 2025
অসম চৰকাৰে বৃটিছ মিউজিয়ামত সংৰক্ষিত হৈ থকা বৃন্দাবনী বস্ত্ৰ অসমত প্ৰদৰ্শনৰ বাবে লোৱা সিদ্ধান্তত বৰপেটা সত্ৰত আনন্দ। কাৰণ বৰপেটাতে বিশাল আয়তনৰ এই বস্ত্ৰখন বৈ উলিওৱা হৈছিল। বস্ত্ৰখন বৈ উলিওৱাত তত্বাৱধান কৰিছিল বৰপেটা সত্ৰৰ প্ৰথমগৰাকী সত্ৰাধিকাৰ গোপাল তাঁতি তথা মথুৰাদাস বুঢ়া আতাই। বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়া ড০ বাবুল চন্দ্ৰ দাসে কয় যে ১৫৬৭-৬৮ খ্ৰীষ্টাব্দৰ ভিতৰত শ্ৰীমন্ত শংকৰ দেৱে নৰনাৰায় ৰজাৰ অনুৰোধ মৰ্মে বৰপেটা সত্ৰত গোপাল তাঁতিৰ দ্বাৰা বোৱাইছিল বৃন্দাবনী বস্ত্ৰ