This browser does not support the video element.
বালিজানা: বলদমাৰীৰ সাংবাদিক সন্থাৰ কাৰ্যালয়ত লক্ষীপুৰ পৌৰসভাৰ পৌৰপতিয়ে সংবাদ মেলত মাটি বেদখলৰ অভিযোগ অস্বীকাৰ কৰে
Balijana, Goalpara | Sep 7, 2025
বলদমাৰীৰ সাংবাদিক সন্থাৰ কাৰ্যালয়ত লক্ষীপুৰ পৌৰসভাৰ পৌৰপতি ৰাজেশ প্ৰসাদ গুপ্তাই সংবাদ মেলত প্ৰয়াত সাংবাদিকৰ পত্নীৰ মাটি বেদখলৰ অভিযোগ অস্বীকাৰ কৰে। সংবাদ মেলত তেওঁ কয় যে নয়াপাৰাত প্ৰয়াত সাংবাদিক জয়বিন্দু পাটগিৰীৰ পত্নী বিনা পাটগিৰীৰ ৩ লেচা মাটি বেদখল কৰা বুলি যোৱা ১৩ আগষ্টত ৰাজহ বিভাগৰ দায়িত্বত থকা অতিৰিক্ত আয়ুক্তক এখনি অভিযোগ দাখিল কৰিছিল। ইয়াৰ পিছতে মোৰ বিৰুদ্ধে বিনা পাটগিৰীৰ ৩ লেচা মাটি বেদখল কৰা বুলি একাংশ সংবাদ মাধ্যমত বাতৰি প্ৰকাশ হৈছিল।