This browser does not support the video element.
মাটিয়া: কৃষ্ণাইৰ বিভিন্ন অঞ্চলত চোৰাং ব্যৱসায়ীৰ বিৰুদ্ধে বন বিভাগে অভিযান চলাই ৩ টকা পিক আপ সহ গ্ৰেপ্তাৰ -১
Matia, Goalpara | Aug 22, 2025
কৃষ্ণাইৰ বিভিন্ন অঞ্চলত চোৰাং ব্যৱসায়ীৰ বিৰুদ্ধে বন বিভাগে অভিযান চলাই চোৰাং কাঠ সৰবৰাহ কৰা ৩টা পিকআপ সহ এটা চোৰাং কাঠ ব্যৱসায়ীক গ্ৰেপ্তাৰ ।কৃষ্ণাই মধ্য আঞ্চলিক বন বিষয়া দেৱব্ৰত শৰ্মাৰ নেতৃত্বত চলা এই অভিযানত প্ৰথমে লেলাৰ মোৱামাৰীত এখন শালগছৰ কুণ্ডা ভৰ্তি টাটা মেজিক বাহন জব্দ কৰাৰ লগতে অবৈধ ভাৱে মজুত কৰি ৰখা ২৮টা শালগছৰ কুণ্ডা জব্দ কৰে ৷ চোৰাং কাঠ ব্যৱসায়ৰ লগত জড়িত কৃষ্ণাইৰ জামবাৰীৰ ফকিৰচান্দ আলী নামৰ এটা যুৱকক গ্ৰেপ্তাৰ কৰে বনবিভাগে ।