This browser does not support the video element.
বঙাইগাঁও ভাগ: সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষৰ লগত সংগতি ৰাখি শ্বহীদ ভৱনত অসম উন্নতি সভাৰ উদ্যোগত শ্ৰদ্ধাঞ্জলী অনুষ্ঠান
Bongaigaon Part, Bongaigaon | Sep 8, 2025
ভাৰত ৰত্ন, সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাদেৱৰ জন্ম শতবৰ্ষৰ লগত সংগতি ৰাখি সোমবাৰে বঙাইগাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ কাৰ্য্যলয়,শ্বহীদ ভৱনত, অসম উন্নতি সভাৰ বঙাইগাঁও জিলা সমিতিৰ উদ্যোগত আৰু বঙাইগাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ সহযোগত শ্ৰদ্ধাঞ্জলী অনুষ্ঠান অনুষ্ঠিত হয় । অসম উন্নতি সভা বঙাইগাঁও জিলা সমিতিৰ সম্পাদক সুকুমাৰ শৰ্মাই সংবাদ মাধ্যমক জনায় যে ভাৰতৰত্ন, সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাদেৱৰ জন্ম শতবৰ্ষ উপলক্ষে বঙাইগাঁৱত অসম ভিত্তিত ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতা অনুষ্ঠিত হব।