This browser does not support the video element.
তিনিচুকীয়া: মাকুমৰ টিংৰাই গাঁওত গণেশ চতুৰ্থীৰ ৰূপালী বৰ্ষ উদযাপন
Tinsukia, Tinsukia | Aug 27, 2025
আজি বুধবাৰে গনেশ চতুৰ্থী উপলক্ষে ৰাজ্যৰ অন্যান্য প্ৰান্তৰ দৰে তিনিচুকীয়া জিলাৰ মাকুমতো গণেশ পূজা উলহ-মালহেৰে উদযাপন কৰা হৈছে। বিশেষকৈ টিংৰাই গাঁও আৰু টিংৰাই বঙালী গাঁওৰ গনেশ পূজা সমিতিয়ে এই বছৰৰ গনেশ চতুৰ্থীক ৰূপালী বৰ্ষ হিচাপে উদযাপন কৰি দুদিনীয়াকৈ পূজাৰ আয়োজন কৰিছে।পূজাৰ সৈতে সংগতি ৰাখি আয়োজিত হৈছে চিত্ৰাঙ্কন, কুইজ, আৰু আৰতী আদি বিভিন্ন প্ৰতিযোগিতা ।