ভালুক ডুবিৰ নতুন আৱৰ্তভৱনত উপস্থিত হৈ তদন্তৰ নামত ভেকোভাওনা কৰা বুলি অভিযোগ ছাত্ৰ মুক্তিৰ। ছাত্ৰ মুক্তিৰ জিলা সমিতিৰ সাধাৰণ সম্পাদক আহম্মদ আলী জিন্নাই কয় যে ৰাজ্যপালৰ নিৰ্দেশ মৰ্মে আজি অসম চৰকাৰৰ দক্ষতা, নিয়োগ আৰু উদ্যোগীকৰণ বিভাগৰ প্ৰধান সচিৱ জিডি ত্ৰিপাঠি উপস্থিত হোৱাৰ কথা আছিল যদিও তেও উপস্থিত হোৱাৰ বিপৰীতে তেওঁৰ প্ৰতিনিধি প্ৰেৰণ কৰে। কিন্তু আশ্চৰ্যৰ বিষয় এই যে এই প্ৰতিনিধি দলটোৱে ৰাইজে দাখিল কৰা ওজৰ আপত্তি কেৱল জমা লৈ ওজৰ আপত্তি মৌখিকভাৱে ক'বলৈ কয়।