This browser does not support the video element.
তিনিচুকীয়া: টিৰাপ ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ ওপৰত কেবিনেটৰ সিদ্ধান্ত বাতিলৰ দাবীত সদৰত সোনোৱাল কছাৰী ছাত্ৰ সন্থাৰ প্ৰতিবাদ
Tinsukia, Tinsukia | Aug 26, 2025
মঙ্গলবাৰে সন্ধ্যা প্ৰায় ৭ বজাত তিনিচুকীয়াত সদৌ অসম সোনোৱাল কছাৰী ছাত্ৰ সন্থা আৰু নাৰী সন্থাই উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে । প্ৰতিবাদকাৰীক আৰক্ষীয়ে বাধা দিবলৈ চেষ্টা কৰাত সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতিৰ। প্ৰতিবাদৰ জৰিয়তে টিৰাপ ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ ওপৰত বিজেপি চৰকাৰে লোৱা কেবিনেটৰ সিদ্ধান্ত বাতিল কৰা, সোনোৱাল কছাৰী স্বায়ত্ত্বশাসিত পৰিষদৰ নিৰ্বাচন অনুষ্ঠিত কৰা আৰু ষষ্ঠ অনুসূচি স্বায়ত্তশাসন প্ৰদান কৰাৰ দাবী উত্থাপন কৰে ৷