This browser does not support the video element.
বৰমা ভাগ: হাউলীৰ চণ্ডী বৰুৱা ষ্টেডিয়ামত অসম বুকছ্ অফ ৰেকৰ্ডৰ বাবে সাত হাজাৰ আয়তীৰ ঠিয় নাম, মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ অংশগ্ৰহণ
India | Aug 24, 2025
৯৭ সংখ্যক হাউলী ৰাস মহোৎসৱ উদযাপন সমিতিৰ উদ্যোগত অভিলেখ সৃষ্টিৰ লক্ষ্যৰে ৰবিবাৰে হাউলীত সাত হাজাৰ মহিলাৰ দ্বাৰা থিয়নাম প্ৰদৰ্শন কৰা হয়। স্থানীয় চণ্ডী বৰুৱা ষ্টেডিয়ামত এই নাম প্ৰদৰ্শনৰ জৰিয়তে অসম বুক অব ৰেকৰ্ডছৰ লগতে বিশ্ব অভিলেখ গঢ়াৰ বাবেও প্ৰয়াস কৰা হয়। অনুষ্ঠানত মুখ্য অতিথি ৰূপে বৰপেটা সত্ৰ, সুন্দৰীদিয়া সত্ৰ, গুৱাগাছা, কালজাৰ, মৈৰামাৰা, ময়নবৰী আদিৰ সত্ৰৰ সত্ৰীয়া আৰু সত্ৰাধিকাৰ সকল উপস্থিত থাকে। অসম চৰকাৰৰ মন্ত্ৰী ৰনজিৎ কুমাৰ দাসো অনুষ্ঠানত উপস্থিত থাকে