This browser does not support the video element.
ডুমডুমা: ডুমডুমা নগৰত জৰাজীৰ্ণ জিৰণি চ'ৰাৰ ইটা খহি আহত দুগৰাকী
Doom Dooma, Tinsukia | Aug 27, 2025
বুধবাৰে বিয়লি প্রায় ৩ মান বজাত ডুমডুমা নগৰৰ এ এছ টি চি সন্মুখত থকা জৰাজীৰ্ণ জিৰণি চ'ৰাৰ ইটা খহি আহত হয় দুগৰাকী। যাত্ৰী ৰখা স্থানত ৰৈ থকা সময়তে পৰিত্যক্ত ইটা খহি গাত পৰে । ফলত ডুমডুমাৰ বকপৰাৰ পুষ্পা কন্ধ নামৰ ১৬ বছৰীয়া এগৰাকী কিশোৰী মূৰত আঘাতপ্ৰাপ্ত হোৱাৰ লগতে কিশোৰী গৰাকীৰ সম্বন্ধীয় বাদলাভেটাৰ অনিতা টেলেঙা নামৰ ৩৬ বছৰ বয়সৰ এগৰাকী মহিলা আহত হয়। আঘাতপ্ৰাপ্ত দুয়োকে আৰক্ষী আৰু স্থানীয় ৰাইজৰ সহযোগত ডুমডুমা এফ আৰ ইউ ত ভৰ্তি কৰোৱা হয়।