This browser does not support the video element.
বৰপেটা: অসমৰ জনপ্ৰিয় কৌতুক অভিনেতা বিপুল ৰাভাই ৰাইজিং ক্লাবত সংবাদমেল যোগে অসম বাসীৰ ওচৰত বিছাৰিলে ক্ষমা
Barpeta, Barpeta | Aug 31, 2025
বীনা পানী থিয়েটাৰৰ এখন নাটকত ভৰিৰে হাৰমনিয়াম বজোৱা এটা দৃশ্য সামাজিক মাধ্যমত ভাইৰেল হোৱাৰ পিছত অজানিতে ভুল কৰা বুলি ৰাইজৰ আগত ক্ষমা খুজিলে অভিনেতা গৰাকীয়ে। বৰপেটা ৰাইজিং ক্লাবত সংবাদ মেল আয়োজন কৰি অসমৰ ৰাইজে তেওঁক ক্ষমা কৰিব বুলি আশা প্ৰকাশ কৰে।দ্বিতীয় বাৰ এনে ভুলৰ পুনৰাবৃত্তি নঘটে বুলিও তেওঁ ৰাইজক জনায়। উল্লেখযোগ্য যে বীনা পানী থিয়েটাৰৰ এখন নাটকত হোজা চৰিত্ৰত অভিনয় কৰিছিল অভিনতা বিপুল ৰাভাই। অভিনয়ৰ খাতিৰতে হাৰমনিয়াম বজোৱাতে এখন ভৰি ব্যবহাৰ কৰিছিল।