This browser does not support the video element.
মৰিগাঁও: স্বাস্থ্য বিভাগৰ দায়িত্বত থকা অতিৰিক্ত জিলা আয়ুক্ত নীতিশা বৰাই আকস্মিক ভাৱে পৰিদৰ্শন কৰিলে মৰিগাঁও অসামৰিক চিকিৎসালয়
Marigaon, Morigaon | Sep 6, 2025
পৰিদৰ্শনৰ সময়ত তেওঁ চিকিৎসালয়ৰ কৰ্মচাৰীসকলৰ উপস্থিতিৰ খতিয়ান পৰ্যালোচনা কৰি সময়মতে কৰ্মস্থানত উপস্থিত হৈ দায়িত্বশীলভাৱে কৰ্ম সম্পাদন কৰাৰ নির্দেশ দিয়ে। কৰ্ম দায়িত্বত গাফিলতি দেখা দিলে কঠোৰ প্ৰশাসনিক ব্যবস্থা গ্ৰহণ কৰা হ’ব বুলি তেওঁ সকিয়নি প্ৰদান কৰে। অতিৰিক্ত জিলা আয়ুক্তগৰাকীয়ে চিকিৎসালয়ৰ অপাৰেশ্বন থিয়েটাৰ (OT) ৰেকৰ্ড, প্ৰসূতি বিভাগৰ ডেলিভাৰী ৰেকৰ্ড আৰু বিভিন্ন বিভাগীয় ফাইলসমূহো চিকিৎসালয়ৰ অধ্যক্ষৰ উপস্থিতিত সূক্ষ্মভাৱে পৰীক্ষা কৰে।