This browser does not support the video element.
নগাঁও: বৰমাৰ ভগামুৰ আলহাজ নুৰুল হুচেইন হাইস্কুলৰ মাটি বেদখল , সংবাদ মাধ্যমত প্ৰতিক্ৰিয়া বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ
Nagaon, Nagaon | Aug 27, 2025
ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ উচ্ছেদৰ মাজতে চামগুৰিত পোহৰলৈ আহিছে অন্য এক উদ্বেগজনক তথ্য। চামগুৰি ৰাজহ চক্ৰৰ অন্তৰ্গত ভগামূৰ কিচামতৰ বৰমাস্থিত ভগামুৰ আলহাজ নুৰুল হুছেইন হাইস্কুলৰ ভূমি বেদখলৰ কৱলত। বিদ্যালয়খন প্ৰতিষ্ঠা হোৱাৰ পৰাই ১৮১, ২৭৪, ৬১ কে ধৰি কেইবাখনো পট্টাৰ কেইবাটাও দাগৰ ১৪ বিঘা ১ লোচা ভূমি আছিল। কালক্ৰমত সেই ভূমি বেদখল হোৱা বাবে সংকুচিত হৈ বৰ্তমান মাত্ৰ ২ বিঘামান ভূমিহে বিদ্যালয়খনৰ অধীনত আছে।