ৰঙাপৰা সমজিলা গঠনৰ হোৱাৰ পিছত পোন প্রথম বাৰৰ বাৱে সমজিলা কার্য্যালযৰ দ্বাৰা নামনিগাঁও খেল পথাৰত উদ্যাপন কৰা হয় ৭৯ সংখ্যক স্বাধীনতা দিৱস ৷ শুক্ৰবাৰে দিনৰ অনুমানিক ১ বজাত উক্ত স্বাধীনতা দিৱসৰ কাৰ্যসূচী সামৰণি পৰে ৷ আজিৰ উক্ত স্বাধীনতা দিৱসৰ কাৰ্যসূচীত জাতীয় পতকা উত্তোলন কৰে ৰঙাপৰা সম-জিলাৰ আয়ুক্ত অঙ্কিতা বৰায় । লগতে উদযাপন স্থলিত উপস্থিত থাকে ৰঙাপৰা সমষ্টিৰ বিধায়ক কৃষ্ণ কমল তাঁতী,ৰঙাপৰাৰ পৌৰসভাৰ সভাপতি আৰু পৌৰসভাৰ ওৱার্ডৰ সদস্য বৃন্দ ও দেশ প্রেমিক ছাত্র ছাত্রী সকল ৷