This browser does not support the video element.
বাঘবৰ: অতিৰিক্ত আয়ুক্ত জয়ন্ত বৰাৰ মন্দিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয় পৰিদৰ্শন, ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে মত বিনিময়
Baghbor, Barpeta | Aug 23, 2025
বৰপেটাৰ শিক্ষা বিভাগৰ অতিৰিক্ত আয়ুক্ত জয়ন্ত বৰাই শনিবাৰে মন্দিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয় পৰিদৰ্শন কৰে ৷ মন্দিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ত উপস্থিত হৈ অতিৰিক্ত আয়ুক্ত জয়ন্ত বৰাই আদৰ্শ বিদ্যালয় ভৱন নিৰ্মাণৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে। এই পৰিদৰ্শনত অতিৰিক্ত আয়ুক্ত গৰাকীয়ে ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে মত বিনিময় কৰে ৷ লগতে তেওঁলোকৰ শৈক্ষিক পৰিৱেশৰ বুজ লয় আৰু চলি থকা উন্নয়নৰ ওপৰত মতামত সংগ্ৰহ কৰে ।