শনিবাৰে ৮১ নং শদিয়া সমষ্টিৰ ছৈখোৱা উন্নয়ন খণ্ডৰ গাখীৰভেটী গাঁও পঞ্চায়তৰ অন্তৰ্গত ন ধূলীজান যুৱক মিলন সংঘ আৰু ন ধূলীজান মহিলা সমিটিৰ যৌথ উদ্যোগত গাঁওখনৰ বিভিন্ন কাৰণত কেইবাটাও বিষয়ৰ ওপৰত এক আলোচনা সভা অনুষ্ঠিত হয় । বিয়লি প্ৰায় ৩ বজা পর্যন্ত অনুষ্ঠিত সভাখনত জিলা পৰিষদৰ বিষয়া, পঞ্চায়ত প্ৰতিনিধি, গাঁৱৰ বিশিষ্ট ব্যক্তি তথা আই মাতৃ সকল উপস্থিত থাকি সমস্যা সমূহৰ ওপৰত মত ব্যক্ত কৰে ।