This browser does not support the video element.
মৰঙী: বকিয়াল শামুকজানত ভুল চিকিৎসাত মৃত্যুৰে যুঁজিছে ষষ্ঠ শ্ৰেণীৰ ছাত্ৰী, জাঙুৰ খাই উঠিছে দুৰ্নীতি বিৰোধী যুৱ শক্তি অসম
Morangi, Golaghat | Aug 31, 2025
ভুৱা চিকিৎসকৰ ভুল চিকিৎসাত মৃত্যুৰে যুঁজিছে ষষ্ঠ শ্ৰেণীৰ ছাত্ৰী। দেওবাৰে বিয়লি প্ৰায় ৪ মান বজাত বকিয়াল শামুকজানত উপস্থিত হৈ জাঙুৰ খাই উঠিছে দুৰ্নীতি বিৰোধী যুৱ শক্তি অসম। ধৰ্মেন্দ্ৰ প্ৰধান নামৰ এজন লোকে ঘৰতে ফাৰ্মাচী খুলি স্থানীয় ৰাইজক চিকিৎসা প্ৰদান কৰি আহিছে। নিজা কোনো ডিগ্ৰী, ডিপ্লমা নোহোৱাকৈ ভাড়াত অনুজ্ঞা পত্ৰ লৈ নিজা ঘৰতে এখন ফাৰ্মাচী খুলি কৰি গৈছে চিকিৎসা। যাৰ পৰিণতিত এগৰাকী ষষ্ঠ শ্ৰেণীৰ ছাত্ৰী ভুল চিকিৎসাৰ বুলি হৈ চিকিৎসাধীন হব লগা হৈছে।