This browser does not support the video element.
মাৰ্ঘেৰিটা: মাৰ্ঘেৰিটাত আবৰ্জনা নিষ্কাষণ কেন্দ্ৰ আৰু আবৰ্জনাৰ পৰা জৈৱসাৰ প্ৰস্তুত কেন্দ্ৰ আনুষ্ঠানিকভাৱে মুকলি কৰে মুখ্যমন্ত্ৰীয়ে
Margherita, Tinsukia | Aug 24, 2025
দেওবাৰে মাৰ্ঘেৰিটাত ৫০ মেট্ৰিক টন ক্ষমতাযুক্ত আৱৰ্জনা নিষ্কাশন কেন্দ্ৰ আৰু আৱৰ্জনাৰ পৰা জৈৱসাৰ প্ৰস্তুত কেন্দ্ৰ আনুষ্ঠানিকভাৱে মুকলি কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ উল্লেখযোগ্য যে বিগত বৰ্ষৰ ৫ জুনত প্ৰায় ৬ কোটি টকা ব্যয় সাপেক্ষ প্ৰকল্পটোৰ নিৰ্মাণ কাৰ্য আৰম্ভ কৰা হৈছিল৷ তদুপৰি দুপৰীয়া প্ৰায় ২ বজাত মাৰ্ঘেৰিটাত আন এক কাৰ্যসূচী হিচাপে আজি ভাৰতীয় জনতা পাৰ্টিৰ নৱনিৰ্মিত দৃষ্টিনন্দন কাৰ্যালয় ভৱন "অটল বিহাৰী বাজপেয়ী ভৱন"টো আনুষ্ঠানিকভাৱে উদ্বোধন কৰে ।