Download Now Banner

This browser does not support the video element.

উত্তৰ লক্ষীমপুৰ: কাকৈ ৰাজগড়ত সুৰা বেপাৰীয়ে প্ৰহাৰ কৰিলে জনপ্ৰতিনিধিক , সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি

North Lakhimpur, Lakhimpur | Sep 3, 2025
লখিমপুৰত সুৰা বেপাৰীয়ে জনপ্ৰতিনিধিক প্ৰহাৰ কৰা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। অসম-অৰুণাচল সীমান্তবৰ্তী কাকৈ ৰাজগড় অঞ্চলৰ কুখ্যাত সুৰা বেপাৰী পাপু শইকীয়া আৰু পিংকু বৰুৱাই উজ্জ্বলপুৰ গাঁ‌ও পঞ্চায়তৰ সভাপতি দুলাল দত্তৰ ঘৰত আহি প্ৰহাৰ কৰে বুধবাৰে পুৱা। অভিযুক্ত পাপু শইকীয়াই AS07V6110 নম্বৰৰ গাড়ীখন লৈ আহি জনপ্ৰতিনিধি গৰাকীৰ জ্যেষ্ঠ ভাতৃৰ সৈতে বাকযুদ্ধত লিপ্ত হয় আৰু বৌৱেকক উপৰ্যুপৰি বুকুত গতা মাৰে।
Read More News
T & CPrivacy PolicyContact Us