নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে কাৰ্বি আংলং জিলাৰ অসম -নাগালেণ্ড সীমান্তত আৰক্ষীয়ে ধাৰাবাহিক অভিযান চলোৱাৰ সময়তে মঙলবাৰে নিশা প্ৰায় ১১ বজাত বোকাজান মহকুমাৰ ডিলাইৰ ৬ মাইলত নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে লাভ কৰে বৃহৎ সফলতা ৷ আৰক্ষীৰ সূত্ৰে লাভ কৰা তথ্য অনুসৰি যোৱা নিশা ডিলাইৰ ৬ মাইলত নিয়মীয়া নাকা তালাচী কালত উদ্ধাৰ হয় এই বৃহৎ পৰিমানৰ ড্ৰাগছ ৷ তালাচী কালত AS 02 DC 6129 পঞ্জীয়ন নম্বৰৰ ট্ৰাকত চালকৰ পাছফালে থকা কেবিনৰ পৰা ১০ কেজি ৭১২ গ্ৰাম ম'ৰফিন উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷