This browser does not support the video element.
বাঘবৰ: গৰাখহনীয়াৰ কৱলত কৰাৰকুৰ দুই নং বিকল্প ৰাজ্যিক ঘাইপথ, গৰাখহনীয়া প্ৰতিৰোধৰ চেষ্টা বিভাগৰ
Baghbor, Barpeta | Sep 2, 2025
কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত কৰাৰকুৰ বেকী দলঙৰ কাষত বেকী নদীয়ে সৃষ্টি কৰা খহনীয়াই কাল ৰূপ ধাৰণ কৰিছে। যোৱা চাৰি বছৰ ধৰি কৰাৰকুৰত বেকী নদীৰ গৰাখহনী অব্যাহত আছে। ইয়াৰোপৰি বিকল্প ৰাজ্যিক ঘাইপথৰো একাংশ এই নদীৰ গৰাখহনীয়ত উছন হৈছে। মঙলবাৰে বিকল্প ৰাজ্যিক ঘাইপথৰ খহনীয়াস্থানত পুনৰ আৰম্ভ হৈছে ব্যাপক খহনীয়া। চপৰা চপৰে খহিছে ৰাজ্যিক ঘাইপথ। বিভাগে সুৰক্ষামূলক ব্যৱস্থা গ্ৰহণ কৰি গৰাখহনীয়া প্ৰতিৰোধৰ চেষ্টা অব্যাহত ৰাখিছে ৷