ৰামহৰিচৰ তৃতীয় খণ্ড গাঁৱত ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয়। উক্ত অগ্নি কাণ্ডত শাইজুদ্দিনৰ এটা গৃহ সম্পূৰ্ণ ৰূপে ভস্মীভূত হয়। জানিব পৰা মতে আজি হঠাৎ শাইজুদ্দিনৰ গৃহত জুই দাউ দাউকৈ জ্বলি উঠাত অঞ্চলটোত হুৱা দুৱাৰ সৃষ্টি হয়। স্থানীয় ৰাইজে বহু সময়ৰ অন্তত জুই নুমাবলৈ সক্ষম হয় যদিও গৃহটো সম্পূৰ্ণ ৰূপে ভস্মীভূত হয়। ফলত ঘৰখনত থকা বহু আচবাব পত্ৰ আৰু গুৰুত্বপূৰ্ণ নথিপত্ৰ ভস্মীভূত হয়। চলাৰ প্লেটত জুই লাগি এই অগ্নি কাণ্ড সংঘটিত হয় বুলি সন্দেহ কৰা হৈছে।