This browser does not support the video element.
ডুমডুমা: গংগাবাৰীত ডিব্ৰু নদীত উটি গৈ প্ৰাণ হেৰুওৱা ঈশান বৰুৱাৰ বাসগৃহত উপস্থিত বিধায়ক সঞ্জয় কিষান
Doom Dooma, Tinsukia | Aug 21, 2025
বৃহস্পতিবাৰে নাজিৰাটিঙৰ ডিব্ৰু নদীত উটি গৈ প্ৰাণ হেৰুওৱা গংগাবাৰী নিবাসী ঈশান বৰুৱাৰ দহা কাজ অনুষ্ঠিত হয় । বিয়লি প্রায় ৪ বজাত দহা কাজত উপস্থিত হয় বিধায়ক সঞ্জয় কিষান। ঈশান বৰুৱাৰ অকাল বিয়োগত অতিশয় মৰ্মাহত হোৱাৰ কথা উল্লেখ কৰে বিধায়ক গৰাকীয়ে । বিজেপি দলৰ এগৰাকী জ্যেষ্ঠ কাৰ্যকৰ্তা চুমী হাজৰিকাৰ ভতিজা ঈশানৰ বিদেহ আত্মাৰ সদ্গতি কামনা কৰে । উক্ত ক্ষণত বিধায়ক কিষানৰ সৈতে কেইবাগৰাকী দলীয় কাৰ্যকৰ্তা উপস্থিত থাকে ।